Skip to Main Content

কুকি নীতি

এই কুকি নীতিত আমাৰ ৱেবছাইটবোৰ আৰু অন্য অনলাইন সেৱাসমূহত (যেনে এপ্লিকেচনবোৰ, পোৰ্টেলবোৰ বা অন্য সেৱাসমূহ যি কুকিবোৰ ব্যৱহাৰ কৰে) ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড গ্ৰুপৰ (“আমি” বা ”আমাৰ”) দ্বাৰা পিক্সেল, বীকন আৰু টেগবোৰৰ (একেলগে “কুকিবোৰ”) দৰে, কুকিবোৰ আৰু সদৃশ প্ৰযুক্তিবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা হৈছে।


কুকিবোৰ কি আৰু আমি সেইবোৰ কিয় ব্যৱহাৰ কৰোঁ?
 

কুকিবোৰ হৈছে আমাৰ ৱেবছাইটসমূহে আপোনাৰ ব্ৰাউজাৰৰ মেম’ৰীত মজুত কৰা সৰু সৰু টেক্সট ফাইল। এইবোৰ সাধাৰণতে আমাৰ ৱেবছাইটবোৰত বিভিন্ন ধৰণৰ কাম কৰাত ব্যৱহাৰ কৰা হয়।
কুকিবোৰে অন্য কিছুমান অতি উপযোগী কামো কৰে, যেনে কোনবোৰ পেজত আপুনি আটাইতকৈ বেছিকৈ গৈছে আমাক জনোৱা, আমাৰ ৱেবছাইট আপোনাৰ বাবে কিমান কাৰ্যকৰী হৈছে বুজিবলৈ দিয়া, আৰু আমাৰ প্ৰডাক্ট তথা সেৱাসমূহৰ সন্দৰ্ভত আপোনাৰ লগত যোগাযোগ উন্নত কৰা আদি।
 

আমি কুকিবোৰ আপোনাক এজন ব্যক্তি হিচাপে পোনপটীয়াকৈ চিনাক্ত কৰিব পৰা তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ নকৰোঁ। অৱশ্যে, কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা কিছুমান তথ্য ব্যক্তিগত তথ্য হিচাপে গণ্য কৰা হ’ব পাৰে (যেনে আপোনাৰ ব্ৰাউজিং বৃত্তান্ত, বা আপোনাৰ ডিভাইচৰ তথ্য)।
কুকিটোৱে সম্পাদন কৰিবলগীয়া কামটোৰ ওপৰত নিৰ্ভৰ কৰি, ই এটা সাময়িক বা অবিৰত কুকি হ’ব পাৰে:
 

  • অবিৰত কুকিবোৰ আপোনাৰ ডিভাইচত ধৰি ৰখা হয় যেতিয়ালৈকে আপুনি সেইবোৰ মচি নেপেলায় বা কুকিটো ইয়াৰ ম্যাদ উকলা তাৰিখত উপনীত হ’লে আপোনাৰ ব্ৰাউজাৰে যেতিয়া মচি নেপালায়।
  • সাময়িক কুকিবোৰ অস্থায়ী হয় আৰু আপোনাৰ ব্ৰাউজাৰটো আপুনি বন্ধ কৰিলেই বা আপোনাৰ সময়টো শেষ হ’লেই ম্যাদ উকলি যায়।


আমি কেনেকুৱা ধৰণৰ কুকি ব্যৱহাৰ কৰোঁ?


আমাৰ ৱেবছাইটবোৰত আমি কি কুকি প্ৰয়োগ কৰোঁ সেই কথা ভালদৰে বুজি পোৱাত সহায় কৰিবলৈ, আমাৰ কুকিবোৰ আমি চাৰিটা শ্ৰেণীত ভাগ কৰিছোঁ: কঠোৰভাৱে অপৰিহাৰ্য, কাৰ্যক্ষমতা, কাৰ্যকৰী আৰু বিজ্ঞাপন।


শ্ৰেণী 1: কঠোৰভাৱে অপৰিহাৰ্য


এই কুকিবোৰ আমাৰ ৱেবছাইট চলাবৰ বাবে, আপোনাৰ ব্ৰাউজিং অভিজ্ঞতাৰ বাবে আৱশ্যকীয় আৰু সেইবোৰ প্ৰমাণীকৰণ তথা সুৰক্ষা সক্ষমিত কৰিবলৈও ব্যৱহাৰ কৰা হয়।
আমি এই কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ:
 

  • আমাৰ ৱেবছাইটবোৰ সঠিকভাৱে চলাই থকাটো নিৰীক্ষণ কৰিবলৈ আৰু বিষয়বস্তু আপোনাক নিৰ্ভৰযোগ্যভাৱে প্ৰদান কৰিবলৈ;
  • প্ৰয়োজন বোধে, পুনৰ-প্ৰবিষ্ট কৰাটো এৰাই চলিবৰ বাবে আপোনাৰ তথ্য এটাৰ পৰা অন্য এটা পেজলৈ লৈ যাবলৈ

যিহেতু কঠোৰভাৱে অপৰিহাৰ্য কুকিবোৰ আমাৰ ৱেবছাইটে কাম কৰিবৰ বাবে আৱশ্যকীয়, সেইবোৰ আপোনাৰ ফালৰ পৰা অক্ষমিত কৰিব পৰা নাযাব। আপুনি এই কুকিবোৰ অৱৰোধ কৰিবলৈ বা ইয়াৰ বিষয়ে সতৰ্ক কৰি দিবলৈ আপোনাৰ ব্ৰাউজাৰ ছেট কৰিব পাৰে কিন্তু সেইবোৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে আমাৰ ৱেবছাইটৰ কিছুমান অংশই কাম নকৰিবও পাৰে।


শ্ৰেণী 2: কাৰ্যক্ষমতা কুকিবোৰ


এই কুকিবোৰে আপুনি আমাৰ ৱেবছাইট কেনেদৰে ব্যৱহাৰ কৰে তাৰ তথ্য সংগ্ৰহ কৰে। উদাহৰণ স্বৰূপে, আপুনি কোনবোৰ পেজত গৈছে আৰু তাত যাওঁতে আপুনি কিবা ভুল-ত্ৰুটিৰ সন্মুখীন হৈছে নেকি। ৱেবছাইট বিশ্লেষণাত্মক কাৰ্য সম্পন্ন কৰিবলৈও সেইবোৰ ব্যৱহাৰ কৰা হ’ব পাৰে। এই কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা এই তথ্য এখন একত্ৰিত ৰূপত মজুত কৰা হয় আৰু আপোনাক এজন ব্যক্তি হিচাপে পোনপটীয়াকৈ চিনাক্ত কৰা নহ’ব।
 

আমি এই কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ:
 

  • আমাৰ ৱেবছাইট কেনেদৰে ব্যৱহাৰ কৰি থকা হৈছে আৰু আমাৰ প্ৰচাৰবোৰ কিমান ফলপ্ৰসূ হৈছে সেই কথা বুজিবলৈ
  • আমাৰ ৱেবছাইটৰ বিভিন্ন সংস্কৰণ পৰীক্ষা কৰিবলৈ যাতে আমি কিছুমান সংশোধন কৰিব পাৰোঁ

এই কুকিবোৰ আপোনাৰ ব্ৰাউজাৰত যদি আপুনি সীমিত কৰে, আমাৰ ৱেবছাইটবোৰত আপোনাৰ ব্ৰাউজ কৰাৰ অভিজ্ঞতা প্ৰভাৱিত হ’ব পাৰে।


শ্ৰেণী 3: কাৰ্যকৰী কুকিবোৰ


এই কুকিবোৰে আপোনাক মনত ৰাখে যাতে আমাৰ ৱেবছাইটত কৰা আপোনাৰ পৰিদৰ্শনক আমি উন্নত, পৰিবৰ্ধিত আৰু ব্যক্তিগতকৃত কৰিব পাৰোঁ।
 

আমি এই কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ:
 

  • আপোনাৰ প্ৰাথমিকতাবোৰৰ বাবে আমাৰ ৱেবছাইটৰ বিষয়বস্তু ব্যক্তিগতকৃত কৰিবলৈ
  • আপোনাক এটা ভিডিঅ’ চাব পৰা সামৰ্থতাকে ধৰি বিভিন্ন ধৰণৰ ৱেব সেৱাসমূহ প্ৰদান কৰিবলৈ

এই কুকিবোৰ আপোনাৰ ব্ৰাউজাৰত যদি আপুনি সীমিত কৰে, আমাৰ ৱেবছাইটে আপুনি পূৰ্বতে পচন্দ কৰা কথাবোৰ মনত ৰাখিব নোৱাৰিব আৰু আপোনাৰ ব্ৰাউজ কৰাৰ অভিজ্ঞতা ব্যক্তিগতকৃত কৰিব নোৱাৰিব।


শ্ৰেণী 4: বিজ্ঞাপন কুকিবোৰ


আপোনাৰ আৰু আপোনাৰ আগ্ৰহৰ বাবে আমাৰ বিপণন ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াবলৈ আমাক অনুমতি দিবৰ বাবে আপুনি আমাৰ ৱেবছাইট ব্ৰাউজ কৰি থাকোঁতে আমি বা আমাৰ তৃতীয়-পক্ষৰ অংশীদাৰসকলে আপোনাৰ ব্ৰাউজাৰত বিজ্ঞাপন কুকিবোৰ ৰাখিব পাৰোঁ।
 

বিজ্ঞাপন কুকিবোৰ আপোনাক পোনপটীয়াকৈ চিনাক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা নহয়। সেইবোৰে কিছুমান তথ্য, যেনে আমাৰ ৱেবছাইটবোৰত আপোনাৰ পৰিদৰ্শন, আপোনাক আমাৰ ৱেবছাইটলৈ লৈ অহা অন্য ৱেবছাইটবোৰৰ বিৱৰণ, আমাৰ অনলাইন বিজ্ঞাপনবোৰ আৰু আপুনি পৰিদৰ্শন কৰা পেজবোৰৰ প্ৰতি জনোৱা আপোনাৰ সঁহাৰিবোৰ লিপিবদ্ধ কৰে যাতে আমি আৰু আমাৰ অংশীদাৰসকলে আপোনাৰ বা অন্য সম্ভাব্য গ্ৰাহকসকলৰ কেনেধৰণৰ যোগাযোগ, প্ৰডাক্ট আৰু সেৱাৰ প্ৰতি আগ্ৰহ থাকিব পাৰে তাৰ এক সূক্ষ্মদৃষ্টি লাভ কৰিব পাৰোঁ।
 

এই সূক্ষ্মদৃষ্টিবোৰ লাভ কৰিবলৈ, আপোনাৰ আগ্ৰহ আৰু প্ৰাথমিকতাবোৰৰ এখন প্ৰফাইল প্ৰস্তুত কৰিবৰ বাবে আমি হয়তো কেতিয়াবা আপোনাৰ ব্যক্তিগত তথ্য বিশ্লেষণ কৰিম যাতে আপোনাৰ বা আপোনাৰ আগ্ৰহবোৰৰ প্ৰাসঙ্গিক তথ্য আমি আপোনাক জনাব পাৰোঁ। আমি আপোনাৰ কিছুমান অতিৰিক্ত তথ্যও কামত লগাব পাৰোঁ যেতিয়া ইয়াক অভ্যন্তৰীণ আৰু বাহ্যিক তৃতীয়-পক্ষ উৎসসমূহৰ পৰা পোৱা যায়।
 

আমি এই কুকিবোৰৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ:
 

  • আপোনাৰ বাবে কেতবোৰ বিজ্ঞাপন বা অফাৰ প্ৰস্তুত কৰি উলিয়াবলৈ (আমাৰ বাবে তৃতীয়-পক্ষ ৱেবছাইটবোৰকে ধৰি, যেনে সামাজিক মাধ্যমৰ নেটৱৰ্কত বা অন্য প্ৰকাৰে)
  • আমাৰ ৱেবছাইটবোৰত আপুনি পূৰ্বতে কৰা পৰিদৰ্শনৰ আধাৰত আপোনাৰ আগ্ৰহবোৰৰ প্ৰতি আমাৰ ৱেবছাইটবোৰ অধিক প্ৰাসঙ্গিক কৰি তুলিবলৈ
  • আমাৰ বিপণন আৰু বিজ্ঞাপন ক্ৰিয়াকলাপবোৰৰ সাৰ্থকতা মূল্যায়ন কৰিবলৈ
  • আমাৰ দৰ্শকৰ লগত মিল থকা গ্ৰাহকসকলক চিনাক্ত কৰাত আমাক সহায় কৰিবলৈ

এই কুকিবোৰে সংগ্ৰহ কৰা তথ্য আপোনালৈ প্ৰত্যক্ষ বিপণন বাৰ্তাবোৰ প্ৰেৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা নহয়। সেয়েহে, এই কুকিবোৰ অক্ষমিত কৰিলেই যে আমাৰ পৰা যোৱা বিপণন বাৰ্তাবোৰ পোৱাটো নিশ্চিতভাৱে বন্ধ হৈ যাব সেইটো নহয়। আপুনি যিকোনো সময়তে আমাৰ পৰা যোৱা বিপণন সামগ্ৰীবোৰ পোৱাটো প্ৰত্যাহাৰ কৰিব পাৰে আৰু এই বিষয়ে আপুনি আমাৰ গোপনীয়তা নীতিত বিস্তাৰিত বিৱৰণ বিচাৰি পাব।
আমাৰ তৃতীয়-পক্ষ অংশীদাৰসকল, যিসকলে আমাৰ নামত আমাৰ ৱেবছাইটত কুকিবোৰ ৰাখে, তেওঁলোকে এই কুকি নীতিত বৰ্ণনা কৰা উদ্দেশ্য অনুসৰি সেই কুকিবোৰৰ প্ৰয়োগ কৰিব পাৰিব বা আপোনাৰ যিকোনো তথ্য কামত লগাব পাৰিব।


প্ৰবঞ্চনা প্ৰতিৰোধ


আমি উল্লেখ কৰিছোঁ যে প্ৰবঞ্চনা প্ৰতিৰোধৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ আমি হয়তো ওপৰত উল্লেখ কৰা কুকিবোৰত সংগ্ৰহীত তথ্যও ব্যৱহাৰ কৰিম।


তৃতীয় পক্ষ কুকিবোৰ


আপুনি যেতিয়া আমাৰ ৱেবছাইটৰ লগত মতবিনিময় কৰে তেতিয়া ওপৰত উল্লেখ কৰা কুকিবোৰ ছেট কৰিবলৈ আমি হয়তো তৃতীয় পক্ষবোৰৰ সৈতে কাম কৰিম। এই তৃতীয় পক্ষসমূহত বিজ্ঞাপনদাতাসকল, ছাৰ্চ ইঞ্জিনবোৰ, সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰ বা বিশ্লেষক প্লেটফৰ্মবোৰৰ দৰে আমাৰ অংশীদাৰ আৰু সেৱা প্ৰদানকাৰীসকল অন্তৰ্ভুক্ত থাকিব যি আমাৰ ৱেবছাইটবোৰত আপোনাৰ অভিজ্ঞতা উন্নত তথা ব্যক্তিগতকৃত কৰি তোলাত আৰু আপোনাৰ প্ৰাসঙ্গিক বিষয়বস্তু প্ৰদান কৰাত আমাক সক্ষমিত কৰে।
আমি এই তৃতীয় পক্ষবোৰৰ লগত কোনো তথ্য শ্বেয়াৰ নকৰোঁ যিবোৰে আপোনাক চিনাক্ত কৰিব পাৰে।
 

তৃতীয় পক্ষবোৰে আপোনাৰ ডিভাইচতো কুকি ৰাখিব পাৰে যেতিয়া আপুনি অন্য ৱেবছাইটবোৰলৈ যায় যিবোৰ আমাৰ অধীনস্থ নহয়। এই কুকিবোৰ তৃতীয় পক্ষটোৰ কুকি নীতি অনুসৰি প্ৰয়োগ কৰা হয় যাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। আপোনাৰ ব্ৰাউজাৰ ছেটিংছৰ জৰিয়তে আপুনি সদায় তৃতীয়-পক্ষৰ কুকিবোৰ প্ৰত্যাহাৰ কৰিব পাৰে (তলৰ কুকিবোৰৰ নিয়ন্ত্ৰণ খণ্ডটো চাওক)।


কুকিবোৰৰ নিয়ন্ত্ৰণ


আপোনাৰ ব্ৰাউজাৰত ছেটিংবোৰ সলনি কৰি আপুনি কুকিবোৰ প্ৰত্যাহাৰ কৰক। অধিকাংশ ৱেব ব্ৰাউজাৰে প্ৰথমতেই কুকিবোৰ গ্ৰহণ কৰাৰ ছেট আপ সাজু কৰি ৰাখে। এই ছেটিংবোৰ সলনি কৰি, বেছিভাগ ক্ষেত্ৰতে আপুনি কোনো কুকি গ্ৰহণ নকৰিবলৈ বা তৃতীয়-পক্ষৰ কুকিবোৰ গ্ৰহণ নকৰিবলৈ চয়ন কৰিব পাৰে।
আপোনাৰ ব্ৰাউজাৰ ছেটিংছৰ পৰা কুকিবোৰ অপসাৰণ কৰা মানে আপুনি এটা ৱেবছাইটত কৰা যিকোনো প্ৰাথমিকতা ছেটিংছ হেৰাই যাব (কুকিবোৰৰ প্ৰাসঙ্গিক যিকোনো সন্মতি প্ৰাথমিকতা সহ, য’ত উপলব্ধ থাকে)।
 

অনুগ্ৰহ কৰি লগতে মন কৰিব যে সকলো কুকি অৱৰোধ কৰা মানে হৈছে ওপৰত বৰ্ণনা কৰা মতে আমাৰ ৱেবছাইটত থকা কাৰ্যকৰীকৰণ ক্ষমতা হেৰাই যাব। আমাৰ ৱেবছাইটবোৰ ব্যৱহাৰ কৰি থাকোঁতে সকলো কুকি বন্ধ কৰিবলৈ আমি পৰামৰ্শ নিদিওঁ।
 

এই জনপ্ৰিয় ব্ৰাউজাৰবোৰত আপোনাৰ কুকি ছেটিংছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ বিশদ বিৱৰণৰ বাবে তলত চাওক:
ইণ্টাৰনেট এক্সপ্ল’ৰাৰ: https://support.microsoft.com/en-us/help/17442/windows-internet-explorer-delete-manage-cookies
ফায়াৰফক্স: https://support.mozilla.org/en-US/kb/cookies-information-websites-store-on-your-computer
গুগল ক্ৰোম: https://support.google.com/chrome/answer/95647?hl=en
ছাফাৰী: https://support.apple.com/en-sg/guide/safari/sfri11471/mac
 

লগতে আপুনি Google-ৰ বিজ্ঞাপন ছেটিংছ-ত গৈ Google-ৰ কুকিবোৰৰ ব্যৱহাৰ (DoubleClick কুকিবোৰকে ধৰি), Facebook-ৰ বিজ্ঞাপন ছেটিংছ-ত গৈ Facebook-ৰ পিক্সেল তথ্যৰ ব্যৱহাৰ, LinkedIn-ৰ ছেটিংছ-ত গৈ LinkedIn-ৰ কুকিবোৰৰ ব্যৱহাৰ আৰু Adobe-ৰ ছেটিংছ-ত গৈ Adobe-ৰ কুকিবোৰৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰিব পাৰে।
 

অনলাইন বিজ্ঞাপনসমূহৰ বাবে আপোনাৰ প্ৰাথমিকতাবোৰ পৰীক্ষা আৰু বাছনি কৰিবলৈ আপুনি তলত দিয়া ছাইটবোৰো আপুনি পৰিদৰ্শন কৰিব পাৰে:
 

ডিজিটেল এডভাৰ্টাইজিং এলায়েন্স
 

নেটৱৰ্ক এডভাৰ্টাইজিং ইনিছিয়েটিভ
 

ইণ্টাৰনেট এডভাৰ্টাইজিং ইণ্ডাষ্ট্ৰি